Show/Hide Keyboard Layout

কাজিৰঙা বৰ ধুনীয়া

- বিহু

বৰ ধুনীয়া ...

 

কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা

কেনেকৈ ফালি দেখুৱাওঁ কুমলীয়া কলিজা ...

কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা

তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা ।

কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা

তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা ।

অ’ দেহাৰ বৰণ ৰঙ-চঙীয়া মূগা চুমনীয়া

চাদৰৰে আছলখন টানি টানি বান্ধি ল’বা

চাদৰৰে আছলখন টানি টানি বান্ধি ল’বা ।

 

শিৱসাগৰ মোহনীয়া স্বৰ্গদেওৰে বাটচৰা

নামডাংৰ শিলৰ সাকো দেখিবলৈ ধুনীয়া ।

শিৱসাগৰ মোহনীয়া স্বৰ্গদেওৰে বাটচৰা

নামডাংৰ শিলৰ সাকো দেখিবলৈ ধুনীয়া ।

অ’ মনৰ খবৰ ক’ব খুজিলে কাষলৈ আহিবা

কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা

কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা ।

 

তুমি কোৱা কথাষাৰে কৰিছে মন বলীয়া

কেনেকৈ ফালি দেখুৱাওঁ কুমলীয়া কলিজা ।

তুমি কোৱা কথাষাৰে কৰিছে মন বলীয়া

কেনেকৈ ফালি দেখুৱাওঁ কুমলীয়া কলিজা ।

অ’ তোমাক দেখাৰ দিনাৰ পৰাই হ’লো মতলীয়া

তুমিয়ে মোৰ মৰমজান যুগে যুগে যুগমীয়া

তুমিয়ে মোৰ মৰমজান যুগে যুগে যুগমীয়া ।

 

দিনৰ পাহাৰ ৰঙ-চঙীয়া ৰাতি হয় গুম-গুমীয়া

মৰম চেনেহ তেনে নহয় বুলি কিয় ভাবিছা ।

দিনৰ পাহাৰ ৰঙ-চঙীয়া ৰাতি হয় গুম-গুমীয়া

মৰম চেনেহ তেনে নহয় বুলি কিয় ভাবিছা ।

অ’ কোনোজনে মৰমৰ যাচে ধনেৰে সোণেৰে

কোনোজনে অন্তৰ দিয়ে মৰমৰ ভাষাৰে

কোনোজনে অন্তৰ দিয়ে মৰমৰ ভাষাৰে ।

 

মহাসাগৰ নৈ নিজৰা নেদেখো দূৰৈৰ পৰা

তুমি কাষত নাথাকিলে কোনে দিব সান্তনা ।

মহাসাগৰ নৈ নিজৰা নেদেখো দূৰৈৰ পৰা

তুমি কাষত নাথাকিলে কোনে দিব সান্তনা ।

অ’ তুমি আহি মৰম দিলে একোৱেই নালাগে

ধনেৰে সোণেৰে মোক জুখিব চাব নালাগে

ধনেৰে সোণেৰে মোক জুখিব চাব নালাগে ।

 

মনৰ দূৱাৰ খোলা আছে তুমি আহি জিৰাবা

ধুনীয়াকৈ পাৰি থৈছো মনৰ ফুলাম দলিচা ।

মনৰ দূৱাৰ খোলা আছে তুমি আহি জিৰাবা

ধুনীয়াকৈ পাৰি থৈছো মনৰ ফুলাম দলিচা ।

দিনৰ বেলি ৰাতিৰে জোন সাক্ষী কৰি ল’লো

বহুজনৰ মাজতে তোমাকে বাছি ল’লো

বহুজনৰ মাজতে তোমাকে বাছি ল’লো

বহুজনৰ মাজতে তোমাকে বাছি ল’লো

বহুজনৰ মাজতে তোমাকে বাছি ল’লো ।

Hits: 1763